বিশ্বত ঈশ্বৰৰ বাক্য প্ৰচাৰ আৰু ঈশ্বৰৰ লোকক সান্ত্বনা প্ৰদানত সমৰ্পিত


Family Radio লৈ স্বাগতম!

আমি অত্যন্ত সুখী হৈছোঁ যে আপোনালোকে Family Radio লৈ আহিছে! আপুনি আমাৰ এই ৱেবচাইটত যিবোৰ দেখিবলৈ পায় আৰু পঢ়িবলৈ বা শুনিবলৈ পায়, সেই সকলোবোৰেই হৈছে আপোনাক শিক্ষা আৰু সান্ত্বনা প্ৰদান কৰাৰ উদ্দেশ্যে। আপুনি আমাৰ প্ৰকাশিত গ্ৰন্থ পঢ়িবলৈ বিচাৰে, নে আমাৰ শ্ৰৱ্য সংকলনকেই শুনিবলৈ বিচাৰে, আমাৰ ৱেবচাইটত উপলব্ধ সকলোবোৰেই সম্পূৰ্ণ বিনামূলীয়া।

ঈশ্বৰে নিজৰ লোকসকলক ইমান উদাৰতাৰে প্ৰদান কৰা পৰিত্ৰাণৰ উপহাৰ পাই আমি অতিশয় আনন্দিত। Family Radio -ত আমি এই একেই আদৰ্শৰ ভিত্তিত সকলো বস্তুকেই বিনামূলীয়াকৈ উপলব্ধ কৰাওঁ “….. বিনামূল্যেই তোমালোকে পালা, বিনামূল্যেই দান কৰিবা” (মথিঃ ১০:৮)। সেয়েহে, স্বাগতম। আমাৰ সাধনসমূহক উপযোগ কৰিবলৈ দ্বিধাবোধ নকৰিব আৰু ঈশ্বৰৰ বাক্য পাঠ বা শ্ৰৱণ কৰাৰ জৰিয়তে আপুনি তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত কৰক।

আমি প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে তেওঁৰ বাক্যৰ জৰিয়তে সত্যৰ প্ৰতি আপোনাৰ দৃষ্টি মুকলি কৰি দিয়ে। এই জগতত আপুনি জীয়াই থাকি আৰু ঈশ্বৰৰ উপাসনা কৰাৰ কালচোৱাত Family Radio –য়ে আপোনাক সান্ত্বনা তথা উত্সাহ প্ৰদান কৰক। ধন্যবাদ!


Family Stations, Inc – এটি লাভবিহীন 501(c)3 দাতৱ্য সংস্থা – © 2014 সৰ্বস্বত্ব সংৰক্ষিত